Sunday 29 March 2015

গল্ফীৰ ডায়েৰী

গল্ফীৰ ডায়েৰী
মাজনী বাইদেউহঁতৰ ঘৰৰ চোতালত চাৰিবছৰীয়া বাবলু আৰু পিকলু খেলি আছিল ৷ বাবলুৱে পিকলুৰ কাণত আৰু পিকলুৱে বাবলুৰ কাণত চিঁয়ৰ মৰা মৰি খেলিছিল ৷ মাজনী বাইদেৱে সিহঁত দুটাৰ কাণ্ড দেখি ভয় খালে -- সৰ্বনাশ! কাৰ কাণৰ পৰ্দা ফাটে ঠিক নাই ! দুয়োটাকে ধৰি লৈ তাই বুজোৱা আৰম্ভ কৰি দিলে -- " বাবলু,পিকলু আনৰ কাণত চিঁয়ৰিব নাপায় , নিজৰ কাণতো নিচিঁয়ৰিবা দেই ....." মাজনী বাইদেৱে কোৱা কথাখিনি বীৰুৱে শুনি আছিল ৷ বীৰুৱে ক'লে -- "অ' মাজনী বাইদেউ! নিজৰ কাণত নিজে কেনেকৈ চিয়ঁৰিব পাৰে মোক শিকাই দিবাচোন...."
মাজনী বাইদেৱে তেতিয়াহে গম পালে তাই কি কয় পেলালে, নিজৰ কথাত নিজে সশব্দে হাঁহি উঠিল ৷

No comments:

Post a Comment