Sunday 29 March 2015

"শূন্যকোঠালীত নিজৰ মাত"

শূন্যকোঠালীটোত
নিজৰেই মাত শুনি
চমকি উঠিল তাই ৷
বিয়াঘৰৰ উদং ৰভাতলীৰ
বেজেৰুৱা হুমুনিয়াহবোৰ
ওপঙি থাকিল
বাহিৰে ভিতৰে ৷
তোমাৰ চকুৰ কোণত
জিলিকিথকা মুকুটাটি
মোৰ হাতৰ তলুৱাত
এইমাত্ৰ সৰি পৰিল৷৷

No comments:

Post a Comment