Sunday 29 March 2015

গল্ফীৰ ডায়েৰী

গল্ফীৰ ডায়েৰী
২৫ জানুৱাৰী’২০১২
বীৰ, অৰূপ আৰু হীম তিনিওটা খুব ভাল বন্ধু ৷ বীৰ আৰু অৰূপ যিমান টেঙৰ হীম কিন্তু সিমান টেঙৰ নহয়, এই কথা বীৰ আৰু অৰূপে হীমৰ বিষয়ে ভাবে ৷ এদিন তিনিওটাই ১০০ টকাকৈ দি মিছা কথা কোৱা প্ৰতিযোগিতা পাতিলে ৷ যি জনে আটাইতকৈ বেছি মিছা কথা ক’ব পাৰিব সেইজনে ৩০০ টকা পুৰষ্কাৰ পাব’ ৷
প্ৰথমে বীৰে আৰম্ভ কৰিলে – “ মই তেতিয়া সাত বছৰীয়া ৷ এদিন ডিচেম্বৰ মাহত মামাৰ ঘৰলৈ বুলি থাকিবলৈ গ’লো ৷ আমাৰ মামাৰ ঘৰটো আকৌ নদীৰ দাঁতিত ৷ প্ৰথম ৰাতি মোৰ ৩ বজাত পায়খানা কৰিব লাগিল ৷ মই পায়খানা কৰিবৰ বাবে ঘৰৰ বাহিৰ ওলালো ৷ পিছে বাহিৰ ওলাই দেখিলো পায়খানাত মানুহৰ লানি, মোৰ পিছে জোৰকৈ লাগিছিল সেয়েহে মই নদীৰ পাৰলৈ দৌৰ মাৰিলো ৷ নদীৰ পাৰত বহি আছোঁ তেনেতে দেখিলো এটা শিল পানীত ভাঁহি আহিছে ৷ লাহে লাহে শিলটো মোৰ ওচৰ পালেহি ৷ মই দেখিলো, শিলটোৰ ওপৰত এটা বান্দৰ বহি আছে আৰু সি চিগাৰেট টানি আছে ৷ মই ভয়তে ল’ৰাল’ৰিকৈ কামফেৰা কৰি ঘৰ সোমালো ৷”
এইবাৰ অৰূপে তাৰ মিছা কথাৰ কাহিনী আৰম্ভ কৰিলে --- “ মই ৭ বছৰীয়া থাকোঁতে ককাৰ ঘৰলৈ গৈছিলোঁ ৷ মই দেখিলো যে ককাই চোতালতে ধান সিঁচিছে ৷ মই ককাৰ ঘৰত ১৫ দিন আছিলোঁ ৷ ১৫ দিনতে ধান পকি সৰোঁ সৰোঁ ৷ সেয়ে ককাই ময়ে ধান কাটিবলৈ সোমালোঁ ৷ ধাননীত ২০ টা মান ছাগলী আছিল ৷ আমি ধান কাটোতে ছাগলীৰ মূৰ কাট খাইছিল ৷ আমি ছাগলী কেইটা ওলিয়াই আনি ধান কাটি শেষ কৰিলোঁ আৰু দুদিনতে ঘৰৰ সকলোৱে ২০ টা ছাগলী খাই শেষ কৰিলোঁ ৷”
সিহঁত দুটাৰ কথা হীমে শুনি আছিল ৷ বীৰ আৰু অৰূপে হীমকো সিহঁতৰ দৰে মিছা কাহিনী ক’বলৈ ক’লে ৷ হীমে ক’লে—
“মই তহঁতৰ দৰে ইমান ধুনীয়াকৈ ক’ব নোৱাৰিম, কিন্তু এটা কাহিনী ক’ম, সঁচা কাহিনীয়েই ৷”
সিহঁত দুটাই ক’লে—“অঁ, ক’চোন বাৰু …”
হীমে আৰম্ভ কৰিলে – “ মই যিমানদূৰ জানো মোৰ দেউতাৰ লগত তহঁত দুটাৰ দেউতা ভাল বন্ধু আছিল ৷ পিছে এদিন বীৰৰ দেউতাই মোৰ মাৰ পৰা ২ তুলা সোনৰ চেইনডাল খুজি বেলেগ ডিজাইনত বনাই দিম বুলি লৈ গৈছিল, কিন্তু আজিলৈকে ঘূৰাই নিদিলে ৷”
হীমৰ কথা শুনি বীৰে হীমলৈ ঘোপাকৈ চালে ৷ হীমে আকৌ আৰম্ভ কৰিলে –“ আন এদিন অৰূপৰ দেউতাই মোৰ দেউতাৰ পৰা ১০,০০০ টকা ধাৰলৈ লৈছিল, কিন্তু আজিলৈকে ঘূৰাই পোৱা নাই ৷”
হীমৰ কথাশুনি এইবাৰ অৰূপৰ কঁপাল কোচ খালে ৷
বীৰ আৰু অৰূপে একেলগে চিঁয়ৰি উঠিল –“তই মিছা কথা কৈছ’?”
হীমে লাহেকৈ ক’লে – “মই সঁচা কথাই কৈছো”৷
বীৰ আৰু অৰূপ –“ নহয়, তই মিছা কথা কৈছ”
হীমে ক’লে—“হে হে, মই যেতিয়া মিছা কথাই ক’লো তেন্তে ৩০০ টকাটো মোৰ ৷”
বীৰ আৰু অৰূপে তেতিয়াহে কথাটো উপলব্ধি কৰিলে আৰু হীমক ৩০০ টকা দি পুৰষ্কৃত কৰিলে ৷
Like · Comment ·  · 111

No comments:

Post a Comment